মন্ত্ৰী হিমন্তৰ কনভয় আক্ৰমণকাৰী দুৰ্বৃত্তৰ উচিত শাস্তিৰ দাবী মুখ্যমন্ত্ৰী সোণোৱালৰ

convoy

মঙলবাৰে পশ্চিমবংগৰ কাণ্ঠী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ হেতু নন্দীগ্ৰামৰ পৰা খেজুৰীলৈ গৈ থকা অৱস্থাত তেখালী দলং আৰু কুলঠাত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণৰ বলি হৈছিল অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়। মন্ত্ৰী হিমন্তৰ সৈতে আছিল পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু ভালেসংখ্যক সমৰ্থক।এই  আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয় নিকৃষ্ট ৰাজনীতি কৰিছে মমতা বাহিনীয়ে।লগতে তেওঁ কয় যে ৰাজনীতিত শত্ৰুতা থাকে, কিন্তু এনে শত্ৰুতা আগতে কেতিয়াও দেখা নাছিলোঁ।

 

ইফালে,ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ঘটনা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়।গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ ঘটনা নিন্দনীয়।লগতে,দোষীক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবেও পশ্চিম বংগ চৰকাৰক আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

উল্লেখ্য যে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত হিমন্ত বিশ্ব শৰ্মাৰ  কনভয়ৰ দুখন বাহনৰ ক্ষতি সাধন হোৱাৰ লগতে বিজেপি সমৰ্থকসকলৰ ২০খনকৈ মটৰ চাইকেলৰ  ক্ষতি সাধন হৈছিল।

Your Comments