৩১ জুলাইতে প্ৰকাশ কৰিব লাগিব এনআৰচিৰ চূড়ান্ত খচৰা

sc

এনআৰচি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত আজি গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ শুনানি। সেই অনুসৰি এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিব লাগিব ৩১ জুলাইত। ৰঞ্জন গগৈৰ বিচাৰপীঠত এনআৰচি কৰ্তৃপক্ষলৈ গুৰুত্বপূৰ্ণ নির্দেশ দিয়া হয়।উল্লেখ কৰা হয় যে বৃদ্ধি কৰা নহয় এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন।

 

লগতে ন্যায়ালয়ে নির্দেশ প্ৰদান কৰি কয় যে ওজৰ-আপত্তিৰ সন্দৰ্ভতো তৎপৰতা প্ৰদৰ্শন  কৰিব লাগিব এনআৰচি কৰ্তৃপক্ষই। আনহাতে এনআৰচি সন্দৰ্ভত ন্যায়ালয়ত পৰৱৰ্তী শুনানি হব অহা ১০ জুলাইত।

 

উল্লেখ্য যে ৰাজ্য চৰকাৰে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা ৩১ জুলাইৰ পৰা বৃদ্ধি কৰাৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছে।

Your Comments