মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল পাব পৰা ৱেবছাইটকেইটা

seba

অহা ১৫ মে'ত ঘোষণা কৰা হ'ব ৰাজ্যৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ২০১৮-১৯ বর্ষৰ ফলাফল। দিনৰ ৯ বজাত 'ছেবা' কৰ্তৃপক্ষই ফলাফল ঘোষণা কৰিব লগা এইবাৰৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীন হৈছে।উল্লেখ্য যে পূৰ্বৰ বছৰৰ দৰে এইবাৰৰ ফলাফল ঘোষণাত যাতে কোনো আসোঁৱাহ ৰৈ নাযায়,তাৰ বাবে ছেবা কৰ্তৃপক্ষই যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে।

 

আনহাতে,ছেবা কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলে উক্ত দিনটোত পুৱা ৯বজাৰ লগে লগে কি কি ৱেবছাইটকেইটাৰ জৰিয়তে ফলাফল  চাব পাৰিব,সেই সন্দৰ্ভত কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰিছে ৱেবছাইটসমূহ। মুঠ ১৩টাকৈ ৱেবছাইট আৰু এটা বিশেষ এপৰ জৰিয়তে  ঘোষণা  কৰিব ফলাফল।সেই অনুসৰি ছেবাই নিৰ্দিষ্ট কৰা  ৱেবছাইটকেইটা হৈছে- results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com, exametc.com,
iresults.net,
yesresult.com, www.result.shiksha, www.assam.shiksha, www.assamonline.in, assamjobalerts.com, assamresult.in।

 

SEBA - Mobile Appৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰিব নিজৰ ফলাফল।

Your Comments