নিউজ ডেস্ক :
পুনৰবাৰ সাঁতোৰৰ চমক দেখুৱাবলৈ সাজু হৈছে এলভিছ আলী হাজৰিকা।১৫ আগষ্টৰ দিনা ২০ মাইল দৈৰ্ঘ্যৰ কেটেলিনা চেনেল সাঁতুৰিব হাজৰিকাই।শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই কথা ৰাজহুৱা কৰে যশস্বী সাঁতোৰবিদগৰাকীয়ে।
সংবাদমেলখনত তেওঁ কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্ণিয়াত হ'ব লগা দুসাহসিক অভিযানৰ বাবে ৬ আগষ্টত ৰাওনা হ'ব।১৫ আগষ্টত ২০ মাইল দৈৰ্ঘ্যৰ কেটেলিনা চেনেল সাঁতুৰিব ।
এলভিছে কয় যে এই অভিযান যথেষ্ট দু:সাহসিক হ'ব,কাৰণ তাত বহুতো চাৰ্ক আছে।এই অভিযানটোযোৱা বছৰ কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা নীল- অভিৰ নামত উৎসৰ্গা কৰিব বুলিও তেওঁ কয়।
এই অভিযানটোত এলভিছ আলী হাজৰিকাৰ লগত পশ্চিমবংগৰ সাঁতোৰবিদ ৰিম' সাহায়ো সহযোগিতা কৰিব।স্বাধীনতা দিৱসৰ দিনা নিশা ১১ বজাৰ পৰা তেওঁলোকে সাঁতোৰ আৰম্ভ কৰিব।এই অভিযানৰ বাবদ ৬-৭ লাখ টকা খৰচ কৰিব এলভিছ আলী হাজৰিকাই জানিবলৈ দিয়ে।
- Log in to post comments
- 11 views