কিয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৰাজেন গোহাঁইয়ে ?

rg

নিৰ্বাচনৰ পূৰ্বে যৌন কেলেংকাৰীৰ গোচৰৰ পৰা মুক্তি লাভ কৰা নগাঁও সমষ্টিৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে গোচৰ তৰিলে অসমৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ বিৰুদ্ধে। 'ডিৱাই ৩৬৫' নামৰ টেলিভিছন চেনেলটোৰ পৰিচালন সঞ্চালক দ্বীপান্বিতা জয়ছোৱাল,মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, চেনেলটোৰ নগাঁৱৰ সংবাদদাতা তপন কুমাৰ বৰা আৰু ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকছনৰ বিৰুদ্ধে 'ক্ৰিমিনেল ডিফেমেচন' ভাৰতীয় দণ্ডবিধি আইন ৪৯৯/৫০০/৫০১/৩৪/৩৫ ৰ অধীনত গোচৰ ৰুজু কৰে ৰাজেন গোহাঁইয়ে। 


গুৱাহাটীৰ চিজিএম আদালতত সেই গোচৰ সন্দৰ্ভত আজি গ্ৰহণ কৰা হয় সাক্ষ্য। আদালতে সাক্ষ্য গ্ৰহণ কৰে গোচৰীয়া ৰাজেন গোহাঁই আৰু তেওঁৰ সহযোগী দ্বীপজ্যোতি শৰ্মাৰ।


উল্লেখ্য যে আদালতত সাক্ষ্য প্ৰদান কৰি সাংসদগৰাকীয়ে কয় যে চলিত বর্ষৰ যোৱা ২২ মাৰ্চৰ দিনা টেলিভিছন চেনেলটোৱে এটা বাতৰি তেওঁৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল।যিটো বাতৰিৰ কোনো সত্যতা নাছিল।লগতে কয়-'মোৰ ফটো লগাই মই হয় নে নহয় কোনো প্ৰমাণ নোহোৱাকৈ চেনেলটোৱে বাতৰি পৰিৱেশন কৰি মোৰ ৰাজনৈতিক ভাৱমূৰ্তি সম্পূৰ্ণ বিনষ্ট কৰিছে।' লগতে গোহাঁইয়ে দাবী কৰে যে  বাতৰিটোৰ বাবে তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্ছিত হ'ব লগা হৈছিল।সেই বাবে  তেওঁ গোচৰ ৰুজু কৰিছে।

rg9
আনহাতে গোহাঁইৰ এই গোচৰৰ অধিবক্তা দেৱজিত শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে যে আজি আদলতে গোচৰটোৰ সন্দৰ্ভত দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰে।পুনৰ অহা ৩ মে'ত আদালতে আন দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিব। সেই সাক্ষ্য গ্ৰহণৰ পিছতে যালৈ জাননী জাৰি কৰিব লগা হয় কৰিব।বৰ্তমান ভাৰতীয় দণ্ডবিধিৰ ২০২ৰ অধীনত গোচৰটোৰ তদন্ত চলি আছে বুলি তেওঁ জানিবলৈ  দিয়ে।

Your Comments