'ভোট বিচাৰি কিয় বিজেপি নেতৃবৃন্দ ধুবুৰী আৰু বৰপেটালৈ গৈছে?'

tarun

তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ ব্যাপক তৎপৰতা চলি থকাৰ সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।গুৱাহাটীৰ দিছপুৰৰ হোটেল ৰিভেৰিত এক সংবাদমেল সম্বোধন কৰি কয়-'এই নিৰ্বাচন আমাৰ বাবে অগ্নিপৰীক্ষা তথা অস্তিত্ব ৰক্ষাৰ যুদ্ধ।২০১৪ চনটো আছিল মোডীৰ জয়যাত্ৰাৰ দিন।কিন্তু ২০১৯ চনটো হ'ব মোডীৰ স্মশানযাত্ৰাৰ দিন।কাৰণ,২০১৪ চনত মোডীয়ে যি জনপ্ৰিয়তা পাইছিল,আজি সেই জনপ্ৰিয়তা নাই।'বিজেপিয়ে ধনবল প্ৰয়োগ কৰি নিৰ্বাচনত জয়ী হ'বলৈ বিচাৰিছে বুলি সংবাদমেলত গুৰুতৰ অভিযোগ উথাপন কৰে গগৈয়ে।

 

বিজেপিক সমালোচনা কৰি গগৈয়ে কয় যে কিছুদিনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে বৰপেটা আৰু ধুবুৰীবাসীক অপমান কৰি কৈছিল যে ধুবুৰী আৰু বৰপেটালৈ গ'লে পাকিস্তানলৈ যোৱাৰ দৰে লাগে।কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে এতিয়া ভোট বিচাৰি কিয় ধুবুৰী আৰু বৰপেটাবাসীৰ  ওচৰলৈ গৈছে বুলি প্ৰশ্ন কৰে।

 

আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি তৰুণ গগৈয়ে কয় যে বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰিছে। বিজেপিয়ে সদায় মুছলমানৰ বিৰুদ্ধে কথা কয়। কিন্তু এতিয়া নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে কয় মুছলমানে বিজেপিক ভোট নিদিলে আল্লাই মাফ নকৰিব ।

Your Comments