আলফা ত্যাগ কৰিলে নলবাৰী জিলাৰ কেডাৰে

o

এজনৰ পাছত এজন আলফা কেডাৰে ত্যাগ কৰিবলৈ ধৰিছে আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰ।সংগঠনটোত  আঘাত হানি এইবাৰ আলফা ত্যাগ কৰিলে লেফটেনেন্ট উদগীৰণ অসমে। নলবাৰী জিলাৰ কেডাৰগৰাকীয়ে আলফা শিবিৰ ত্যাগ কৰি অৰুণাচলৰ লাজু আৰক্ষীৰ সীমান্ত পৰীক্ষণ চকীত আত্মসমৰ্পন কৰে।

 

ইতিমধ্যে উদগীৰণ অসমক অসম আৰক্ষীক গতাই দিছে অৰুণাচল প্ৰশাসনে।উল্লেখ্য যে উদগীৰণ অসম আছিল আলফা মুখ্য কাৰ্যালয়ৰ ষ্টাফ অফিচাৰ।

Your Comments