গুৱাহাটী লোকসভা সমষ্টিত ভোট দিবলৈ সাজু হৈছে শতবৰ্ষ গৰকা পৰী বেগম

pori begum

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সফল সমাপ্তিৰ পিছত অহা ২৩ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।তাৰ বাবে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলে জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে।দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো ৪টা সমষ্টিত হ'ব এই তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন।তাৰ ভিতৰত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে ৭নং গুৱাহাটী লোকসভা সমষ্টি। উল্লেখ্য যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰিব এগৰাকী শতবর্ষ গৰকা বৃদ্ধাইয়ো।

 

পূব গুৱাহাটী বিধানসভা সমষ্টিৰ ভোটাৰ বৃদ্ধাগৰাকীৰ নাম হৈছে পৰী বেগম। উলুবাৰী নিবাসী পৰী বেগমে  ১১০নং  পূব গুৱাহাটীৰ উলুবাৰী মোক্তাব প্ৰাথমিক বিদ্যালয়ত অহা ২৩ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি জানিব পৰা গৈছে।লগতে তেওঁ 'নিউজ এএছএন'ৰ আগত জানিবলৈ দিয়ে যে তেওঁ কোনোদিনেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত  থকা নাই। তেওঁ কয়-ভোটদান আমাৰ অধিকাৰ,সেইবাবে এইবাৰো মাজু সন্তান ছামছুদ্দিন আহমেদ আৰু বোৱাৰী বুলেনা আহমেদৰ লগত গৈ ভোটদান কৰিম। শতবর্ষ গৰকা বৃদ্ধাগৰাকীয়ে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ সত্যবাদীতাক তেওঁ সদায় বিশ্বাস কৰে।লগতে গুৱাহাটীবাসী ৰাইজক আহ্বান জনায় কয় যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি, অন্যায়-অনীতিৰ বিৰুদ্ধে ভোট প্ৰদান কৰি এখন সুস্থ-সবল গণতান্ত্ৰিক ভাৰতবর্ষ গঢ় দিয়াত গুৰুত্ব দিব লাগে।

 

শতবর্ষ অতিক্ৰম কৰা বৃদ্ধাগৰাকীয়ে বৰ্তমান স্মৃতিশক্তি কিছু পৰিমাণে হেৰুৱাইছে যদিও তেওঁ দিব পাৰে নিজৰ পৰিচয়। তেওঁ দিয়া পৰিচয় অনুসৰি পুৰণি উলুবাৰী গাঁৱৰ ভৰদুল গাওঁবুঢ়াৰ তেওঁ নাতিনীয়েক। তেওঁৰ স্বামী জালালুদ্দিন আহমেদৰ আজিৰে পৰা ৩৭ বছৰৰ পূৰ্বে মৃত্যু হোৱা বুলি উল্লেখ কৰে।আনহাতে,পৰী বেগমৰ ডাঙৰ পুত্ৰ আৰু কন্যাৰো মৃত্যু হৈছে।

 

শতবৰ্ষ গৰকা আইতাগৰাকীৰ বোৱাৰী বুলেনা বেগমে জানিবলৈ দিয়া অনুসৰি  লোকসভা,বিধানসভা তথা পৌৰনিগমৰ প্ৰতিটো নিৰ্বাচনতে তেওঁৰ শাহু আয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যায় বুলি।

Your Comments