গাত শেষ টোপাল তেজ থকালৈকে পৃথক বড়োলেণ্ডৰ বিৰোধিতাৰে যুঁজ দিম-নৱ কুমাৰ শৰণীয়া

naba

বন্দুকৰ গুলীলৈ ভয় নকৰা নৱ কুমাৰ শৰণীয়াই কি ভয় কৰিব কুকুৰৰ ভুক-ভুকনিলৈ। পৃথক বড়োলেণ্ড নহয় ,বড়োলেণ্ড চুক্তি ভংগ হ'ব-এই গুৰুত্বপূৰ্ণ মন্তব্য কোকৰাঝাৰৰ বৰ্তমান সাংসদ নৱ কুমাৰ শৰণীয়াৰ।আজি দিছপুৰ প্ৰেছ ক্লাবত কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদগৰাকীয়ে কয়-মই নাটকবাজি ভাল নাপাওঁ।বড়ো-অবড়োক লৈ ৰাজনীতিৰ কৰাৰ পক্ষত মই নাই।সেই বাবে মোৰ দিনত অসমক ভাগ-ভাগ কৰিবলৈ দিয়া নহ'ব।গাত শেষ টোপাল তেজ থকালৈকে পৃথক বড়োলেণ্ডৰ বিৰোধিতাৰে যুঁজ দিম বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে।লগতে তেওঁ হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয়-'২০২০ বড়োলেণ্ডত বড়ো-অবড়ো ৰাজনীতি নাথাকিব। কাৰণ হাগ্ৰামা নাথাকিব বিটিচি প্ৰধান হিচাপে কাউন্সিলত'। ইফালে হাগ্রামাই বিটিচিত এজনো অবড়োক মাটিৰ পট্টা দিয়া নহ'ব বুলি কোৱা সন্দৰ্ভত শৰণীয়াই অভিমত প্ৰকাশ কৰে-এজনো অবড়োৰ গাত যদি আচোঁৰ পৰে বা হাত দিয়ে,তেন্তে থাইলেণ্ড বা ব্ৰহ্মদেশলৈ তেওঁলোকক পঠিয়াই দিয়া হ'ব।

 

ইফালে কংগ্ৰেছক সমালোচনা কৰি নিৰ্দলীয় সাংসদগৰাকীয়ে কয় কংগ্ৰেছ দলেও এতিয়া বিটিচিত মুছলমানৰ নাম লৈ ৰাজনীতি কৰিবলৈ লৈছে।কিন্তু নৱ শৰণীয়াই তেনে ৰাজনীতি কেতিয়াও নকৰে। নৱ শৰণীয়াই ৰাজনীতি কৰে ৰাইজক লগত লৈ।লগতে কয়-  নৱ শৰণীয়াৰ নিজা এজেণ্ডা নাই।

 

আনহাতে এইবাৰৰ নিৰ্বাচনৰ স্থিতি সন্দৰ্ভত শৰণীয়াই কয়- ২০১৪ চনত মোক জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে ভোট দিছিল। এটা নিৰ্দিষ্ট জাতিৰ ভোট লৈ মই নিৰ্বাচনত জয়ী হোৱা নাছিলোঁ ।সেই বাবে এইবাৰো মোৰ পক্ষত প্ৰায় ৬০%ই ভোটদান কৰিব। সংখ্যাৰ হিচাপত প্ৰায় ৫লাখ ভোট পাম।

 

ইফালে বিটিচি চুক্তিক বিৰোধিতা কৰাৰ প্ৰসংগত তেওঁ কয় যে বড়োলেণ্ডত ২০% কেৱল মাত্ৰ বড়ো আছে, বাকী ৮০% অবড়ো। বিটিচি চুক্তিখন বড়ো-অবড়োৰ বিভাজনৰ আধাৰশিলা বুলিও তেওঁ নিজৰ মত প্ৰকাশ কৰে।

 

ইফালে ইউপিপিএলে শৰণীয়ালৈ বিপদ আনিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ইউপিপিএল কোনো ফেক্টৰ নহয়।তেওঁলোকে আঢ়ৈ লাখ ভোট পাব, প্ৰমীলা ৰাণী ব্ৰহ্মই ৫০ হাজাৰ ভোট পাব বুলিও তেওঁ কয়।
 

Your Comments