২৬ বছৰৰ পিছত একেখন মঞ্চত মুলায়ম সিং যাদৱ আৰু মায়াৱতী

maya

২৬ বছৰৰ পিছত একেখন মঞ্চত ঠিয় হ'ল এসময়ৰ ঘোৰ ৰাজনৈতিক শত্ৰু মুলায়ম সিং যাদৱ আৰু মায়াৱতী।উত্তৰ প্ৰদেশৰ মৈনপুৰীত আজি এখন নিৰ্বাচনী সভাত মুলায়ম সিং যাদৱৰ বাবে প্ৰচাৰ কৰে  মায়াৱতীয়ে।

 

মায়াৱতীয়ে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়,মুলায়ম সিং যাদৱহে পিছপৰা শ্ৰেণীৰ প্ৰকৃত নেতা বুলি মন্তব্য কৰে।সভাত অখিলেশ সিং যাদৱো উপস্থিত থাকে।

Your Comments