২০-২৩ এপ্ৰিলত আইএছবিটিৰ পৰা কিয় নাপাব উজনি-নামনিমুৱা দূৰণিবতীয়া বাছ ?

bus

তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰা চলিব লগা দূৰণিবতীয়া বাছসেৱাৰ ক্ষেত্ৰত প্ৰশাসনে  গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে।অহা ২০ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিলৰলৈকে গুৱাহাটীৰ পৰা চলাচল কৰিব লগা দূৰণিবতীয়া বাছসেৱাসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলিব খানাপাৰা আৰু জালুকবাৰী-আদাবাৰী পৰা।প্ৰশাসনে জাৰি কৰা এক নির্দেশ অনুসৰি উক্ত দিনকেইটাত উজনিমুৱা বাছসমূহ আইএছ বিটিৰ পৰিৱৰ্তে চলাচল কৰিব খানাপাৰাৰ পৰা।আনহাতে, নামনিমুৱা বাছসমূহ চলাচল কৰিব আদাবাৰী আৰু জালুকবাৰীৰ পৰা।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ অসমৰ ১৪টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ইভিএমসমূহ ৰখাৰ বাবে 'ষ্ট্ৰং ৰূম' স্থাপন কৰা হ'ব।ৰাজ্যৰ ১৪ টা সমষ্টিৰ ভোটিং মেচিনসমূহ উক্ত দিনকেইটাত বাণিজ্য কেন্দ্ৰটোলৈ অনা হ'ব। ফলত তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱা আশংকা কৰি প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।

Your Comments