অসম:৫ টা সমষ্টি, ৬৯,১০,৫৯২ গৰাকী ভোটাৰ,৫০ জন প্ৰাৰ্থী

evm

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।দেশৰ ১৩ খন ৰাজ্যৰ মুঠ ৯৫ টা সমষ্টিত অনুষ্ঠিত হৈছে এই দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন।তাৰ ভিতৰত আছে অসমৰ পাঁচটা লোকসভাৰ সমষ্টি।সেই অনুসৰি নগাঁও,ডিফু,মঙলদৈ, শিলচৰ আৰু কৰিমগঞ্জত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।


উল্লেখ্য যে উক্ত পাঁচটা সমষ্টিত মুঠ ৬৯,১০,৫৯২ গৰাকী ভোটাৰে ৫০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।এই ৫০ গৰাকী প্ৰাৰ্থীৰ ১৪গৰাকীয়ে কৰিমগঞ্জত, ১৩গৰাকীয়ে শিলচৰত,১১ গৰাকীয়ে মঙলদৈ, ৭গৰাকীয়ে নগাঁও আৰু পাঁচ গৰাকীয়ে ডিফুত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। 


উল্লেখ্য যে সমষ্টি পাঁচটাত মুঠ ভোটাৰৰ ৩৫,৫৪,৪৬০ গৰাকী পুৰুষ আৰু ৩৩,৫৫,৯৫২ গৰাকী মহিলা।ইয়াৰ উপৰিও পাঁচটা সমষ্টিত মুঠ ১৮০গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।আনহাতে পাঁচটা সমষ্টিত ভোটদানৰ বাবে ৮৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।তাৰে ১৩৭টা কেন্দ্ৰ সম্পূৰ্ণ মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ।ইয়াৰ উপৰিও ৮৪টা ভোটকেন্দ্ৰক এইবাৰ মডেল ভোটকেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।


আনহাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিবৰ বাবে ৩৫,৯৯৮ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে।ইয়াৰ উপৰিও নিৰাপত্তাৰ দিশটো নিৰীক্ষণ কৰাৰ বাবে ১৬৯টা নিৰাপত্তা কোম্পানী আৰু এক প্লাটুন কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত কৰা হৈছে।ইফালে,আজি বিয়লি ৫বজাত সামৰণি পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ।

Your Comments