কোকৰাঝাৰত এইবাৰ হীৰা শৰণীয়া 'ফেক্টৰ' নহয়-শব্দ ৰাম ৰাভা

তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ

৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই আজি তামুলপুৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।আজি পুৱা ১০ বজাত তামুলপুৰ ৰাজীৱ ভৱনত শব্দ ৰাম ৰাভা উপস্থিত হয় দলীয় নেতা- কৰ্মীৰ লগতে প্ৰাক্তন কংগ্ৰেছী  মন্ত্ৰী পদম বাহাদুৰ চৌহান, অবড়ো নেতা যোগেশ্বৰ কলিতাক লগত লৈ।এইবাৰ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া 'ফেক্টৰ' নহয় বুলি তেওঁ উল্লেখ কৰে। 


বিটিচি চুক্তি পুনৰীক্ষণ কৰা, অবড়ো গাওঁ বিটিএডিৰ পৰা কৰ্তন কৰা, সকলো জাতি- জনগোষ্ঠীক সমমর্যাদা প্ৰদান কৰাকে আদি কৰি কেইবাটাও ইছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি ৰাভাই সদৰী কৰে। 


নৱ কুমাৰ শৰণীয়াৰ এসময়ৰ সোঁহাতস্বৰূপ অবড়ো নেতা যোগেশ্বৰ কলিতাই কিয় নৱ শৰণীয়াৰ সংগ এৰিলে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে সাংসদ হৈ থকা সময়ত বিগত ৫ বছৰত নৱ কুমাৰ শৰণীয়াই বিটিএডি এলেকাৰ অনাবড়ো ৰাইজৰ হৈ এষাৰ মাতো নামাতিলে। অনাবড়ো ৰাইজৰ আশা-আকাংক্ষা পূৰণত নৱ কুমাৰ শৰণীয়া ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে  যোগেশ্বৰ কলিতাই। 


ৰাজীৱ ভৱনৰ পৰা  সমৰ্থকসকলক লগত লৈ তামুলপুৰ বিধানসভা সমষ্টিৰ নাগ্ৰীজুলি, নাওকাটা, সুৱাগপুৰ, ভোলাঝাৰ, অম্বৰীশনগৰ, গুৱাবাৰীকে ধৰি এক বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰি আজি ভোটাৰ ৰাইজৰ ওচৰ চাপে শব্দ ৰাম ৰাভা।

Your Comments