তামুলপুৰত শৰণীয়া কছাৰী সংগঠনৰ গুৰুত্বপূৰ্ণ সভা ,সমাগত নিৰ্বাচনত মিত্ৰজোটৰ চৰকাৰক পূৰ্ণ সমৰ্থনৰ সিদ্ধান্ত

saraniya

অভিজিৎ তালুকদাৰ, তামুলপুৰ ১২ এপ্ৰিল 

শৰণীয়া কছাৰী সন্মিলনী অসমৰ সাধাৰণ সম্পাদক তৰুণ দাস শৰণীয়া স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে জনাইছে যে অসমৰ ভূমিপুত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ অন্যতম সংগঠন শৰণীয়া কছাৰী সন্মিলনী , অসম , শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতি , অসম , শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, অসম আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদ , অসমৰ যৌথ উদ্যোগত আজি তামুলপুৰত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হয় । শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতি , অসমৰ সভাপতি , শৰণীয়া কছাৰী সন্মিলনী , অসমৰ মুখ্য উপদেষ্টা তথা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ , অসমৰ অধ্যক্ষ দীপক ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শৰণীয়া কছাৰী সন্মিলনী , অসমৰ সাধাৰণ সম্পাদক তৰুণ দাস শৰণীয়াই ।

সভাত অসমৰ আদিম জনজাতি জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ সকলোবোৰ সমস্যা বিস্তৃতভাবে আলোকপাত কৰি সমাগত নিৰ্বাচনত কোন ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱা হব , সেই সম্পৰ্কে এক দীঘলীয়া আলোচনা কৰা হয় । বিবৃতিটোত উল্লেখ কৰা অনুসৰি যিহেতু শৰণীয়া কছাৰী জনগোষ্ঠীটো শৈক্ষিক , সাংস্কৃতিক , অৰ্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক ভাবে পিছপৰা জনগোষ্ঠী , গতিকে এই জনগোষ্ঠীটোৰ বিকাশ আৰু উত্তৰণৰ বাবে বিভিন্ন দিশ  পুংখানুপুংখ ভাৱে আলোচনা কৰা হয় ।

জনগোষ্ঠীটোৰ বিকাশ আৰু উত্তৰণ তথা সাংবিধানিক অধিকাৰ সাব্যস্ত কৰা , জ্বলন্ত সমস্যাসমূহৰ সমাধান কৰা , স্বায়ত্ব শাসনৰ ব্যৱস্থাৰে সাংবিধানিক অধিকাৰ লাভ কৰা আৰু বৰ্তমান চলি থকা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ , অসমে যাতে অধিক পুঁজি লাভ কৰিব পাৰে এই সকলোবোৰ  দিশ গভীৰভাৱে বিশ্লেষণ কৰা হয় । এই সকলোবোৰ দিশ চালি জাৰি চাই সভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আগন্তুক নিৰ্বাচনত বি জে পি -- অগপ -- বি পি এফ মিত্ৰজোটৰ চৰকাৰক পূৰ্ণ সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইপিনে অহা নিৰ্বাচনত সৰ্বস্তৰৰ ৰাইজক বি পি এফ বিজেপি অগপ মিত্ৰদলৰ প্ৰাৰ্থীক ভোট দান কৰাৰ বাবে শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতি , অসমৰ সভাপতি তথা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ , অসমৰ অধ্যক্ষ দীপক ডেকাই  আহ্বান জনাইছে 

Your Comments