'নমো টিভি'ৰ  বিনা অনুমতিৰ ৰাজনৈতিক অনুষ্ঠানৰ প্ৰচাৰ ততালিকে বন্ধ কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

n

নিউজ ডেস্ক :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুণানুকীৰ্তন কৰা 'নমো টিভি' চেনেলত বিনা অনুমতিৰ সকলো ৰাজনৈতিক অনুষ্ঠান ততালিকে বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে।ৰাজনৈতিক বিজ্ঞাপন আৰু অনুষ্ঠান প্রচাৰৰ বাবে নিৰ্বাচন আয়োগৰ অনুমতিৰ দৰকাৰ হ'ব বুলি উল্লেখ কৰিছে।বিনা অনুমতিত কোনো ৰাজনৈতিক নেতাক লাভান্বিত কৰিব পৰা অনুষ্ঠানৰ প্ৰচাৰ নিৰ্বাচনী আচাৰ সংহিতৰ উলংঘন বুলি চিহ্নিত কৰা হ'ব বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে।

Your Comments