জেডি(ইউ)-এ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিয়ে-কে চি ত্যাগী

ty

বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত সবল ভূমিকা পালন কৰা জনতা দল(ইউনাইটেড)ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীৰ সৈতে আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংক কুমাৰ নাথ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত বৈঠকত আছুৰ নেতৃত্বই তেওঁক পুনৰ আহ্বান জনাই পূৰ্বৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংসদৰ বাহিৰে- ভিতৰে বিৰোধিতা কৰাৰ বাবে।


আছুৰ আহ্বানক সমৰ্থন জনাই কয় ত্যাগীয়ে কয় যে জেডি(ইউ)এ অসম আৰু উত্তৰ- পূবৰ স্বাৰ্থ বিঘ্নিত হোৱা এই সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘা কৰাৰ এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হবলৈ নিদিয়ে। 


আনহাতে ত্যাগীয়ে আছুৰ নেতৃত্বক জানিবলৈ দিয়ে যে অহা ১৪ এপ্ৰিলত পাটনাত দলটোৱে মুকলি কৰিব লগা নিৰ্বাচনী ইস্তাহাৰত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা প্ৰসংগক অন্তৰ্ভুক্ত কৰিব বুলি।

Your Comments