নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত পৃথিৱীৰ সকলো মানুহ পিছুৱাই গ'লেও মই অকলে আগবাঢ়ি যাম- জুবিন গাৰ্গ

jubin

দেশত পুনৰ বিজেপি চৰকাৰ হ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ইতিমধ্যে দলটোৱে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে। দলটোৰ নিৰ্বাচনী ইস্তাহাৰত জাতিধ্বংসী বিধেয়কখনৰ প্ৰসংগই স্থান লাভ কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী  জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিলে পুনৰ হুলস্থুল হ'ব অসমত। লগতে উল্লেখ কৰিছে যে পূৰ্বতে যিদৰে আন্দোলন হৈছিল,সেই একেদৰে আন্দোলন হ'ব ।ইফালে সেই আন্দোলনত জুবিন গাৰ্গে কি ভূমিকা ল'ব বুলি সোধা প্ৰশ্নত তেওঁ কয় যে  বিধেয়কৰ সন্দৰ্ভত আমি কেতিয়াও পিছুৱাই নাযাওঁ। পৃথিৱীৰ সকলো মানুহ পিছুৱাই গ'লেও মই অকলে আগবাঢ়ি যাম।


আনহাতে সকলোকে আহ্বান জনায় তেওঁ কয় যে  যোৱাবাৰৰ দৰে আমি সকলো একেটা ছাতিৰ তলত থাকিব লাগিব।লগতে প্ৰয়োজনত পুনৰ প্ৰতিবাদত বহিম বুলি হুংকাৰ দিয়ে।


আনহাতে লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত জুবিন গাৰ্গে কয় যে এই নির্বাচনৰ জৰিয়তে ভাল প্ৰাৰ্থী নিৰ্বাচিত হওক।লগতে শান্তিপূৰ্ণভাৱে দেশৰ নিৰ্বাচন হৈ যাওঁক বুলিও তেওঁ মন্তব্য কৰে।


আনহাতে বিহু সমন্বয়ৰক্ষী সমিতিয়ে বিহুমঞ্চত জাতীয় আৰু মাৰ্জিত সাজ-পাৰ কৰি শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব লাগিব বুলি কোৱা সন্দৰ্ভত জুবিন গাৰ্গে বিহু সমন্বয়ৰক্ষী সমিতিক কটাক্ষ কৰি কয় যে তেওঁলোকৰ মাজে মাজে উকাই।লগতে তেওঁ বিহু সমন্বয়ৰক্ষী সমিতিক চিকিৎসা গ্ৰহণ কৰাৰ পৰামর্শ দিয়ে।ইয়াৰ উপৰিও শিল্পীগৰাকীয়ে কয় যে তেওঁ বৰ্তমান সময়লৈকে আঠ হাজাৰ বিহু মঞ্চত অনুষ্ঠান কৰিছে।পূৰ্বতে যেনেদৰে চলি আছে,এতিয়াও তেনেদৰে চলি থাকিব বুলি মন্তব্য কৰে।

Your Comments