তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ-বিজেপি আৰু অগপ মিত্ৰজোঁটে ব্যাপক নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে । কোকৰাঝাৰ সমষ্টিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ মনোনীত আৰু বিজেপি- অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰচাৰকাৰ্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ।
ইয়াৰ মাজতে আজি তামুলপুৰত প্ৰাৰ্থীগৰাকীৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰা হয় । এক মাংলিক পৰিৱেশত কাৰ্যালয়টো মুকলি কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ ব্ৰহ্মই । উদ্বোধনী ভাষণত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । তেওঁ কয় যে বিটিএডিৰ অস্তিত্বৰ লগত বিপিএফ দলৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । বিপিএফ দলেই একমাত্ৰ ৰাজনৈতিক দল, যিটো দলে বিগত সময়চোৱাত বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীৰ লোকক আস্থা আৰু বিশ্বাসত লৈ কাম কৰি আহিছে । সেয়েহে বিপিএফ দলৰ ভাবমূৰ্তি বজাই ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি দোহাৰে নাৰায়ণ ব্ৰহ্মই । বিগত সময়চোৱাত বিটিএডিৰ উন্নয়নৰ গতি ক্ষীপ্ৰতৰ কৰি তোলা বিপিএফ দলক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰমিলাৰাণী ব্ৰহ্মক জয়যুক্ত কৰাবলৈ
তেওঁ ৰাইজক আহ্বান জনায় । অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো , এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী , ধৰ্ম নাৰায়ণ দাস , যুৱ বিপি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী , তামুলপুৰ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল ব্ৰহ্ম , তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী , সাধাৰণ সম্পাদক উপেন বসুমতাৰী , তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা , বিজেপি নেতা ৰাজেশ বড়ো , ৰাম বাস্তলা , অগপ নেতা হৰেশ্বৰ স্বৰ্গীয়াৰীকে ধৰি তিনিওটা দলৰ নেতা-কৰ্মী আৰু সমৰ্থকসকল উপস্থিত থাকে ।
- Log in to post comments
- 18 views