তামুলপুৰত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

uppl

তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ আকৰ্ষণীয় হৈ পৰিছে । সমষ্টিটোত আন আন দল- সংগঠনৰ লগতে ইউপিপিএলেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে । দলটোৱে ইতিমধ্যে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মক প্ৰক্ষেপ কৰিছে।


প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যেৰে আজি তামুলপুৰত দলটোৱে এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ কাকতিয়ে।উদ্বোধনী ভাষণত তেওঁ ইউ জি ব্ৰহ্মৰ এইবাৰ বিজয় নিশ্চিত বুলি দাবী কৰে । 


অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক কামেশ্বৰ হাজৰিকা , অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনীকান্ত বড়ো , ইউপিপিএলৰ কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক গণেশ নাথ , ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বাণীকান্ত বসুমতাৰী ,কবিন বড়ো , প্ৰাক্তন এবছু নেতা জিতেন মুছাহাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Your Comments