ঐক্য সেনা,অসমে কোনগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক জনালে সমৰ্থন ?

j1

নিউজ ডেস্ক : লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ বিশ্বাস আৰু ভৰসাৰ  প্ৰাৰ্থী মাথো এগৰাকী। ঐক্য সেনা,অসমৰ যি দাবী আছে, তাক কেৱল তেওঁৰ ৰাজনৈতিক ইষ্টাহাৰত প্ৰকাশ পাইছে। ৰাজনীতিত থকা নেতাই আজি এটা কথা কৈ কাইলৈ তাক পাহৰি হৈছে। জাতিধ্বংসী বিধেয়কখনক লৈ কংগ্ৰেছে প্ৰদৰ্শন কৰিছে দেখিছে দুমুখীয়া স্থিতি। একমাত্ৰ মন্ত্ৰিত্ব লাভৰ বাবে নিজক জ্বলাঞ্জলি দিছে অসম গণ পৰিষদে । দেওবাৰে ঐক্য সেনা, অসমৰ এক যোগদান কাৰ্যসূচীত এইদৰে মন্তব্য কৰে ঐক্য সেনা,অসমৰ মুখ্য সম্পাদক শ্বাহিদুল j2ইছলামে। 
        

যোগদান কাৰ্যসূচীটোত তেওঁ লগতে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটীবাসী ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডক ভোট দি জয়ী কৰাটো ঐক্য সেনা,অসমে বিচাৰিছে। কাৰণ ঐক্য সেনা, অসমৰ যি দাবী সেই দাবীসমূহ কেৱল মাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডৰ ৰাজনৈতিক ইস্তাহাৰতহে প্ৰকাশ পাইছে। কিন্তু সেই দাবীসমূহ কেৱল লিপিবদ্ধ হৈ নাথাকি অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি, নিবনুৱা সমস্যাসমূহ দূৰ কৰি দেখুৱাব লাগিব। সেয়েহে গুৱাহাটী সমষ্টিৰ বাবে একমাত্ৰ জোনমণি দেৱী খাউণ্ডক ভোট দিয়াটো দৰকাৰী । 

      

'নাগৰিকত্ব সংশোধনী বিধেয়কক বিজেপিয়ে সদায় সমৰ্থন কৰি আহিছে। কংগ্ৰেছে ইয়াক লৈ সদায় দুমুখীয়া স্থিতি লৈ আছে। ইফালে,অসম গণ পৰিষদে মন্ত্ৰিত্ব লাভৰ আশাত আদর্শ জ্বলাঞ্জলি দি নিজকে শেষ কৰি দিছে। সেয়েহে অসমৰ ৰাইজে জোনমণি দেৱী খাউণ্ডক ভোটটো দি জয়ী কৰিব লাগে, যাতে তেওঁ অসমৰ হৈ কাম কৰিব পাৰে'-ইছলামে কয়। 
    

বিগত সময়চোৱাত অসমীয়া ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত ঐক্য সেনা,অসমে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবেই আগ্ৰহ প্ৰকাশ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকলে আজি ঐক্য সেনা অসমত যোগদান কৰিছে বুলি সংগঠনটোৰ নেতৃত্বই কয়।
    

ঐক্য সেনা,অসমৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মা, উপদেষ্টা বেগম জান, মনোৰঞ্জন বৰা, মুখ্য সম্পাদক শ্বাহিদুল ইছলামকে প্ৰমুখ্য কৰি সংগঠনটোৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।

Your Comments