শিৱসাগৰত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে 'ৱাক ফৰ ভোট' 

walk for vote

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে হাতত লৈছে বিভিন্ন কাৰ্যসূচী৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ বিভিন্ন প্ৰান্তত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে সজাগতামূলক পদযাত্ৰা 'ৱাক ফৰ ভোট' কাৰ্যসূচী ৰূপায়ণ কৰে। আজি পুৱা ৭ বজাত চহৰৰ ব'ৰ্ডিং খেলপথাৰৰ পৰা এই সজাগতামূলক যাত্ৰা আৰম্ভ কৰা হয়। এই সজাগতামূলক পদযাত্ৰাত শিৱসাগৰ  জিলা উপায়ুক্ত ডাঃ লক্ষ্মণন এছৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে। তদুপৰি 'এছভিইইপি'ৰ জিলাদূত তথা শিল্পী মানস ৰবীনে এই পদ যাত্ৰাত অংশ গ্ৰহণ কৰাৰ লগতে বিহুগীত পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰে। 

উল্লেখ্য যে জিলাখনৰ ভোটাৰৰ মাজত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে আয়োজন কৰা 'ৱাক ফৰ ভোট' কাৰ্যসূচী শিৱসাগৰ নিৰ্বাচনী জিলাৰ চাৰিওটা ব্লক আৰু ৬২ খন গাওঁ পঞ্চায়তত একে সময়তে ৰূপায়ণ কৰা হয়।

Your Comments