এইবাৰ ৰাজ্যত কিমান নতুন ভোটাৰ ?

evm

আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা।সেই অনুসৰি এইবাৰ লোকসভাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ২,১৯,৯১,১১২ গৰাকী।ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ  ১,১২,৩৫,১২৯ গৰাকী। আনহাতে, মহিলা ভোটাৰ আছে ১,০৭,৫৫,৪৯২ গৰাকী। ইয়াৰ উপৰিও আছে ৪৯১গৰাকী তৃতীয় লিংগৰ ভোটাৰ।আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত এইবাৰ ২,৩০,৫০৮ গৰাকী নতুন ভোটাৰ নথিভুক্ত হৈছে।

ইফালে সমষ্টি হিচাপত ডিব্ৰুগড়ত ১৩,১২,১৯৬ গৰাকী, যোৰহাটত ১৩,৬০,৩২৮ গৰাকী, কলিয়াবৰত ১৭,৩১,৬১০ গৰাকী, তেজপুৰত ১৪,৯৬,৮৭৮ গৰাকী ,লখিমপুৰত ১৭,০৪,৪৪৭ গৰাকী, কৰিমগঞ্জত ১৩,৩৮,০০৫গৰাকী, শিলচৰত ১১,৯১,২৮৯ গৰাকী, ডিফুত ৭,৯৫,০৮৫, মঙলদৈত ১৭,৯৫,৫২৯, নগাঁৱত ১৭,৯০,৬৮৪, ধুবুৰীত ১৮,৫৬,১৬৮, কোকৰাঝাৰত ১৭,৬৫,৪২৩, বৰপেটাত ১৬,৭৬,৮৫৪, গুৱাহাটীত ২১,৭৮,৬১৭ গৰাকী ভোটাৰ আছে।

আনহাতে এইবাৰ ৰাজ্য মুঠ ২৮,১৪৩টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

Your Comments