জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উলংগ প্ৰতিবাদ কৰা কৃষক মুক্তি নেতা হিৰণ্য পাঠৰী বিজেপিলৈ

kmss

ক্ষমতাৰ লোভত  বিজেপিত যোগদান কৰিলে কৃষক মুক্তিৰ নেতাই। জাতিধ্বংসী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ সময়ত বিজেপি দলটো অসমৰ ৰাইজৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰা  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্য শৰণাপন্ন হ'ল গেৰুৱা দলটোৰ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভিতৰত থাকি সংগঠনৰ নীতিবহিৰ্ভূত কাৰ্য কৰাৰ বাবেই শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বহিষ্কাৰ কৰা হৈছিল ছাত্ৰ মুক্তিৰ প্ৰাক্তন বিত্ত সম্পাদক হিৰণ্য পাঠৰীক।

 তাৰ পিছতেই শনিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত হিৰণ্য পাঠৰীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য সদস্যয়ো যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত অসমত যদি পুনৰ বিজেপি চৰকাৰ আহে, তেনেহ'লে অসম বাংলাদেশ হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল হিৰণ্য পাঠৰীয়ে।নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ  সময়ত জনতা ভৱনৰ সন্মুখত দুবাৰকৈ উলংগ প্ৰতিবাদত নেতৃত্ব লোৱা কৃষক মুক্তিৰ নেতা হিৰণ্য পাঠৰীয়ে গেৰুৱা দলটোত যোগদান কৰাটোৱে সচেতন মহলক সচকিত কৰিছে।

Your Comments