অসমীয়াৰ গৌৰৱৰ প্ৰতীক জাপিক টুপী বুলি কোনে কয়?

bjp,assam


সদৌ অসম বাঙালী ছাত্ৰ ফেডাৰেচনৰ  প্ৰাক্তন উপদেষ্টা সুকুমাৰ বিশ্বাসৰ লগতে সদৌ অসম বাঙালী ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সম্পাদক সলিল দে দেৱে আজি বিজেপিত যোগদান কৰে। 
       

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিশ্বাস আৰু দেৱে বিজেপিত যোগদান কৰিছে।আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন অসনৰ ১৪খনতে বিজেপি মিত্ৰজোঁটে  জয়লাভ কৰাটো নিশ্চিত।
 

দাসে ভাৰতীয় জনতা পাৰ্টী গণতন্ত্ৰৰ ওপৰত বিশ্বাসী দল বুলি উল্লেখ কৰে।কংগ্ৰেছক   পৰিয়ালতন্ত্ৰত বিশ্বাসী দল বুলি সমালোচনা কৰে।
       

ৰঞ্জিত দাসে লগতে মন্তব্য কৰে-'ৰাহুল গান্ধীয়ে অসমৰ কলা-সংস্কৃতিৰ কথা একো নাজানে,সেয়েহে তেওঁ জাপিক টুপী বুলি কয়।কিন্তু নৰেন্দ্ৰ মোডীয়ে উত্তৰ- পূৰ্বাঞ্চলৰ হৈ যি কাম কৰিছে, তাক অসমৰ ৰাইজে উপিলব্ধি কৰিছে।'
      
       
'এআইইউডিএফ-এ কলিয়াবৰত প্ৰাৰ্থী নিদিয়া কথাটোৱে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা হোৱাটোকে বুজাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰমোহত এই মিত্ৰতা কৰিছে। এই মিত্ৰতা অসমৰ ৰাইজৰ বাবে এক অশনি সংকেত।'এনেদৰেও ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 
    
 
ধুবুৰীত  আজমলৰ ৰাজনৈতিক বেদখল উচ্ছেদ কৰি বিজেপিয়ে বিজয় সাব্যস্ত কৰিব বুলি সভাপতি ৰঞ্জিত দাসে দৃঢ় মত পোষণ কৰে।

Your Comments