গোসাইগাঁৱৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন, ৪ এপ্ৰিলঃ পোন প্ৰথম বাৰৰ বাবে পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা চি পি আই(এম) দলে নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত আজি গোসাইগাৱঁ চাৰিআলিত এক প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷
বিয়লি প্ৰায় চাৰি মান বজাত সদৰ-চহৰৰ চাৰিআলিত অৰ্ধশতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত কোকৰাঝাৰ জিলা চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সন্তোষ গুহৰ পৰিচালনাত অনুষ্ঠিত প্ৰচাৰ সভাত ডেকাই কয় যে সম্প্ৰতি সকলোতকৈ ডাঙৰ সমস্যা ৰূপে পৰিগণিত হোৱা নিৱনুৱা সমস্যাৰ আশু সমাধানৰ লগতে দুৰ্নিতিগ্ৰস্থ বিজেপি দলক পৰাস্ত কৰি সংসদত বামপন্থীৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰেই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ তেওঁ আৰু কয় যে বিগত পাঁচ বছৰৰ কাৰ্যকালত কোনো ধৰনৰ উন্নয়ন মূলক কাম নোহোৱা কোকৰাঝাৰ সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত চি পি আই(এম) দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাত ৰাইজে দলে দলে ওলাই আহি সমৰ্থন আগবঢ়াইছে বুলি প্ৰকাশ কৰে
- Log in to post comments
- 26 views