৫৫বছৰত গান্ধী পৰিয়ালে যি কৰিব নোৱাৰিলে তাক মোদী চৰকাৰে ৫বছৰতে কৰি দেখুৱালে-মুখ্যমন্ত্ৰী

NAHAR

 

 

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন,৪মাৰ্চ :

 চুকাফাই সাত ৰাজ মাৰি এক ৰাজ মৰাৰ দৰেই মোদী চৰকাৰৰ এক আদর্শ হল সব কা সাথ সব কা বিকাশ।আজি নাহৰকটীয়া বিধান সভাৰ অন্তৰ্গত মেৰবিলত বিজেপি-অগপৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।NAHAR2

নিজ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত ৫৫ বছৰত গান্ধী পৰিয়ালে যি কৰিব নোৱাৰিলে তাক মোদী চৰকাৰে বিগত ৫ বছৰতে কৰি দেখুৱালে বুলিও মন্তব্য কৰে। একেদৰে অসমক মোদীয়ে অধিক ভালপাই বাবেই এই কম সময়চোৱাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩খন দলং সম্পূৰ্ণ কৰিলে বুলি মন্তব্য কৰাৰ লগতে উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ সমবিকাশৰ বাবে বিজেপি চৰকাৰ ভৱিষ্যতেওঁ দায়বদ্ধ বুলি মন্তব্য কৰে।NAHAR3

আনহাতে নামৰূপ সাৰ কাৰখানা, লাকুৱা তাপ বিদ্যুৎ প্ৰকল্প, নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প, তেল শোধনাগাৰ আদিৰ বাবে প্ৰয়োজনীয় গেছ তথা খাৰুৱা তেল বিহাৰ উৰিষ্যা তথা দৰকাৰ হলে বিদেশৰ পৰাও মোদীয়ে আনি দিব বুলি অসমবাসীক প্ৰতিশ্ৰুতি দিয়াৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীৰ লগত বোকাজান সমষ্টিৰ বিধায়ক নোমল মোমিন, নাহৰকটীয়াৰ বিধায়ক নৰেন সোনোৱাল, দুলিয়াজানৰ বিধায়ক তেৰচ গোৱালা আদিয়েও অংশগ্ৰহণ কৰে।

Your Comments