নতুনকৈ গঠন কৰা হ'ব নেকি অসম গণ পৰিষদ ?

agp

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকল একত্ৰিত হৈ অসমৰ খিলঞ্জীয়া তথা আঞ্চলিকতাবাদী সত্বাক মজবুত কৰাৰ সম্পৰ্কত এখন সংবাদমেলৰ আয়োজন কৰে। 
      
 সংবাদমেলখনত তৃণমূল পৰ্যায়ৰ কৰ্মী ডঃঅশ্বিন কুমাৰ মহন্তই কয় যে ক্ষমতা লাভৰ ব্যক্তিকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত আৰু অদৃশ্য শক্তিৰ হাতোৰা হৈ এচাম গণভিত্তি আৰু ৰাইজৰ পক্ষত নথকা দলীয় নেতা আৰু পালিনেতাই দলটোক অসমৰ বাবে অপ্ৰাসংগিক কৰি তুলিছে।দলটোক ধাৰাবাহিকভাৱে বিপৰ্যয়ৰ সন্মুখীন কৰোৱাই ৰাইজৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে।  
      
৮৫৫ জন শ্বহীদৰ ত্যাগৰ  মূল্য অগপ নেতাই দিব পৰা নাই। তেওঁলোকে মালা পিন্ধি, হাঁহি হাঁহি সকলো পাহৰি গ'ল বুলি সংবাদমেলৰ মাজতে কান্দি উঠে ডঃঅশ্বিন কুমাৰ মহন্তই। 
   
অসম গণ পৰিষদ দলটোক ক্ষমতালোভীসকলৰ পৰা পুনৰ উদ্ধাৰৰ বাবে তৃণমল কৰ্মীসকলে অহা ৭ এপ্ৰিল তাৰিখে অসম তথা দেশ- বিদেশত থকা অগপ সদস্য , কৰ্মী আৰু শুভাকাংক্ষীসকলে পুৱা ১০ বজাত গণেশগুৰিস্থিত গণেশ মন্দিৰৰ প্ৰাংগণত  একত্ৰিত হৈ অসম গণ পৰিষদ দলটোৰ বৃহত্তৰ স্বাৰ্থত পুনৰ উদ্ধাৰ তথা পুনৰ গঠন সন্দৰ্ভত এক ঐতিহাসিক সিদ্ধান্ত  ল'ব বুলি মহন্তই প্ৰকাশ কৰে।
 
তেওঁলোকৰ আন সিদ্ধান্তসমূহ হ'ল:
১.জাতিধ্বংসী বিধেয়ক মানি লৈ বিজেপিৰ লগত মিত্ৰতা কৰা অগপৰ নেতাসকলক মানি লোৱা নহ'ব।
২ .দলটোক কেইজনমান জাতিদ্রোহী ব্যক্তিৰ ব্যক্তিগত সম্পত্তি বা কোম্পানীৰ হাতৰ মুঠিৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ নিমিত্তে অগপৰ কৰ্মী তথা শুভাকাংক্ষীসকলক একত্ৰিত কৰা হ'ব ।
৩.নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতিৰে ৰণকৌশল যুগুত কৰি বিধেয়ক সমৰ্থন কৰা ব্যক্তিক প্ৰতিহত কৰা হ'ব ।

Your Comments