জ্যেষ্ঠ অগপ নেতা যতীন মালীৰ কংগ্ৰেছত যোগদান

jatin mali2

অগপৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ নেতা যতীন মালীয়ে আজি  কংগ্ৰেছত যোগ দিয়ে।পলাশবাৰী সমষ্টিৰ বিধায়কজনে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।মালীৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা,পঞ্জাবৰ বিত্তমন্ত্ৰী মনপ্ৰীত সিং।

কংগ্ৰেছত যোগ দি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে অতুল বৰাৰ নেতৃত্বত অগপ দলটো এতিয়া নি:শেষ হোৱাৰ উপক্ৰম ঘটিছে।

 বিজেপিৰ লগত মিত্ৰতা কৰি অগপই আঞ্চলিকতাবাদ বিক্ৰী কৰিলে।এইবাৰ কেন্দ্ৰত কংগ্ৰেছ দলৰ  চৰকাৰ গঠন হ'ব বুলি তেওঁ উল্লেখ কৰে।

Your Comments