'কংগ্ৰেছত বাক্ স্বাধীনতা নাই'

chin

মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এটা অনুষ্ঠানত লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীত আনুষ্ঠানিকভাৱে যোগ দিয়ে কংগ্ৰেছ নেত্ৰী চিন্ময়ী বৰদলৈয়ে।উল্লেখ্য যে বৰদলৈ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল।কংগ্ৰেছত বাক্ স্বাধীনতা নাই বুলি বৰদলৈয়ে দলটোক সমালোচনা কৰে।

c1

আনহাতে এলডিপিত মুকলিকৈ মনৰ ভাব প্ৰকাশ কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে।২০২১ চনত পূব গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি প্ৰকাশ কৰে চিন্ময়ী বৰদলৈয়ে।১৬বছৰ ধৰি কংগ্ৰেছৰ সৈতে  জড়িত হৈ থকা নেত্ৰীগৰাকীকক এলডিপিলৈ আদৰি আনে দলটোৰ সভাপতি গুণ গগৈয়ে।

Your Comments