কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়া ফেক্টৰ নহয়: শব্দ ৰাম ৰাভা

তামুলপুৰ: আগন্তক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত সাংসদ নৱ কুমাৰ শৰণীয়া কোনো ফেক্টৰ নহয়। বিপিএফ, বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম মূল প্ৰতিদ্বন্দ্বী হ'ব যদিও সমষ্টিটোত কংগ্ৰেছ দলেই বিজয়ৰ শেষ হাঁহি মাৰিব। এই দাবী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ। 

আজি তামুলপুৰ ৰাজীৱ ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ এই মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয় যে বিগত পাঁচটা বছৰে সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ উন্নয়ণৰ একো কাম নকৰিলে।

বছৰি পাঁচ কোটিকৈ পাঁচ বছৰত মুঠ পচিশ কোটি টকা ক'ত খৰচ কৰিলে বুলিও প্ৰশ্ন কৰে? সমষ্টিটোত তেওঁ যদি এটাও উন্নয়ণৰ কাম কৰাৰ উদাহৰণ দেখুৱাব পাৰে তেন্তে শব্দ ৰাম ৰাভাই নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি থাকিম বুলি প্ৰত্যাহ্বান জনায়। 

কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ বিজয় সুনিশ্চিত বুলি দাবী কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই।

Your Comments