অসমত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিদিয়ে চিপিআই(এম-এল)-এ

c

আগন্তুক লোকসভা নিৰ্বাচনত   অসমত প্ৰাৰ্থী নিদিয়ে চিপিআই(এম- এল)-এ। লখিমপুৰত চিপিআই( এম ) ক সমৰ্থন কৰিব তেওঁলোকে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলত এইদৰে মন্তব্য কৰে চিপিআই(এম এল)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰুবুল শৰ্মাই। তেওঁ কয় যে ফেচিবাদী শক্তিক সৰ্বশক্তিৰে পৰাজিত কৰা আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামক আগুৱাই নিয়াই হ'ল চিপিআই (এম-এল)ৰ মূল লক্ষ্য । চিপিআই (এম-এল )ৰ তাৎক্ষণিক লক্ষ্য হৈছে- ' বিজেপি হটাওক দেশ বচাওক, অসম বচাওক ' ।   

সংবাদমেল খনত চিপিআই (এম-এল)  লিবাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে জনগণৰ সংগ্ৰামৰ মৌলিক ইছ্যুৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এখন ঘোষণাপত্ৰ উন্মোচন কৰে।  ঘোষণাপত্ৰখনত অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ ২৪ টাকৈ চৰ্ত বিজেপি বিৰোধী শক্তিৰ ওচৰত তুলি ধৰে। 

আগন্তুক লোকসভা নিৰ্বাচনত অসমত ডিব্ৰুগড় আৰু তেজপুৰত প্ৰাৰ্থী নিদিয়ে যদিও চিপিআই(এম-এল) দলে সক্ৰিয় তথা স্বতন্ত্ৰভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাব বুলিও সম্পাদক ৰুবুল শৰ্মাই জানিবলৈ দিয়ে।

Your Comments