তামুলপুৰত অবৈধ দেশী-বিদেশী ২২ কাৰ্টন সুৰা জব্দ

photo_tamulpur

বাক্সা জিলা তামুলপুৰ মহকুমা সদৰত আজি কেবামাহ ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে ৷ আনকি সুৰাৰ উপৰিও ভাং আৰু নিচাসক্ত দ্ৰৱৰ ব্যৱহাৰো বাঢ়ি যোৱাত সচেতন মহল চিন্তিত হৈ পৰিছে ৷ যাৰ ফলত একাংশ লোক তথা নৱ প্ৰজন্মৰ যুবক এই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে ৷ তামুলপুৰৰ একাংশ চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান আনকি গৃহস্থৰ ঘৰতো সহজ লভ্য হৈ পৰিছে অবৈধ সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰচলন ৷

ইপিনে সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ বাবে কিছুমান বিক্ষিপ্ত ঘটনাও সময়ে সময়ে সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াভাৱে এই ক্ষেত্ৰত বাক্সা জিলা আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে আৰক্ষীৰ দলে বিভিন্ন ঠাইত গোপন অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷

আজি তামুলপুৰ থানাৰ এছআই নৃপন গগৈৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলীৰ ৩নং দোঙাৰ গাঁৱত পুৱাৰ ভাগত এক অভিযান চলায় ৷ অভিযান কালত আৰক্ষীৰ দলে দোঙাৰপাৰ গাঁৰ সন্তোষ প্ৰধানৰ ঘৰৰ পৰা ২২ কাৰ্টুন দেশী-বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ সুৰাখিনি জব্দ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ   আহে |

Your Comments