বঙালী ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাস-খুকন বিশ্বাসৰ নেতৃত্বত অবড়ো সংগঠনৰ ৬০জনৰ বিপিএফত যোগদান

বঙালী ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাস-খুকন বিশ্বাসৰ নেতৃত্বত অবড়ো সংগঠনৰ ৬০জনৰ বিপিএফত যোগদান

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰীজুলিত আজি দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত কুমাৰীকাটাত দৰঙ্গাজুলী পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে কয় যে বিপিএফ কেৱল এটা জনগোষ্ঠীৰ দল নহয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সু-সংগঠিত কৰি বিপিএফ দলটো গঠন কৰা হৈছে। সেয়েহে বিপিএফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে ভোটদান কৰিব।

প্ৰমীলাৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলিও দাবী কৰে বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, অগপ নেতা দুলাল দাস, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ আগবঢ়ায়। সভাত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মুছাহাৰী, প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, যুৱ বিপিএফ নেতা মৃদুল ব্ৰহ্ম, বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভাৰাণী নাৰ্জাৰী, বিজেপি নেতা খনীন দাসৰ উপৰি বিপিএফ, অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

বঙালী ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাস-খুকন বিশ্বাসৰ নেতৃত্বত অবড়ো সংগঠনৰ ৬০জনৰ বিপিএফত যোগদান

সভাত পদুম দাঙিক সভাপতি, শিৱৰাম দাসক কাৰ্যকৰী সভাপতি আৰু চন্দ্ৰকান্ত ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। আজিৰ সভাতে অবড়ো সংগঠনৰ পৰা দহজন লোকে বিপিএফত যোগদান কৰে। আনহাতে, নাগ্ৰীজুলিতো নাগ্ৰীজুলি বিপিএফৰ সভাপতি খেম বাহাদুৰ থাপাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভাৰাণী নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলা, তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ সমষ্টি নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে ভাষণ দিয়ে।

আজিৰ সভাতেই বঙালী ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাস আৰু খুকন বিশ্বাসৰ নেতৃত্বত পঞ্চাশজন লোকে বিপিএফত যোগদান কৰে। আজিৰ সভাতেই নৱ কুমাৰ সৰকাৰক সভাপতি আৰু লাজাৰুছ মুৰ্মুক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে।

Your Comments