হিন্দুস্থান নিৰ্মাণ দলৰ আন চাৰিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা

hindustan_nirmal-party

লোকসভা নিৰ্বাচনৰ বাবে হিন্দুস্থান নিৰ্মাণ দল, অসম প্ৰদেশে ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। দেওবাৰে তেওঁলোকে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সেই অনুসৰি কৰিমগঞ্জত নিখিল ৰঞ্জন দাস, ধুবুৰীত আলোকেশ ৰয়, মঙলদৈত মণি ৰাম বসুমতাৰী আৰু কলিয়াবৰত দিগন্ত কুমাৰ শইকীয়াই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।

মহানগৰীৰ ভঙাগৰস্থিত হিন্দুস্থান নিৰ্মাণ দল অসম প্ৰদেশৰ কাৰ্যালয়ত এখন সংবাদমেলৰ দ্বাৰা এই ঘোষণা কৰে হিন্দুস্থান নিৰ্মাণ দল অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে। আনহাতে সংবাদমেলখনত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাজীৱ কাকতিয়ে কয় যে "বিজেপিক পৰিৱৰ্তন নহয় পৰিত্ৰাণ দিব অসমবাসীয়ে। 

হিন্দুস্থান নিৰ্মাণ দলৰ এজন নেতা বিজেপিৰ হাজাৰজন নেতাৰ সমান । কাৰণ তেওঁলোকে দেশৰ হৈ কাম কৰিব।" তেওঁলোকে বিজেপিৰ নেতাৰ দৰে ছিণ্ডিকেটৰাজ কৰিব নাযায় বুলিও ৰাজীৱ কাকতিয়ে জানিবলৈ দিয়ে। 

তাৰোপৰি এইবাৰ লোকসভা নিৰ্বাচনত গেৰুৱা দলটোয়ে এখন বা দুখন আসনতে সন্তুষ্ট থাকিব লাগিব । চকীদাৰৰ শ্লোগানত অসন্তুষ্ট হৈ ভাৰতৰ জনগণে ভাৰতৰ পৰা বিজেপি দলটোক নিঃশেষ কৰিব বুলিও ৰাজীৱ কাকতিয়ে মন্তব্য কৰে ।

Your Comments