কংগ্ৰেছৰ অভিযোগ : নিৰ্বাচনৰ বাবে উজনিৰ বাগিচাসমূহত মজুত কৰা হৈছে চুলাই মদ

cong_vice-president

উজনি অসমৰ চাহ বাগিচাসমূহত নিৰ্বাচনী মুনাফাৰ কাৰণে গাড়ীয়ে গাড়ীয়ে মজুত ৰাখিছে চুলাই মদ, অৰুণাচলী আৰু ডিমাপুৰৰ মদৰ। নিৰ্বাচনৰ সময়তে চাহ বাগিচাসমূহত এই মদ বিতৰণ কৰি লাভ কৰিব ভোট। এই মদ খাই যদি আকৌ চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু হয় তেনেহ'লে আগন্তুক নিৰ্বাচন বৰ্জন কৰিব। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক  জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে। দেওবাৰে ৰাজীৱ ভৱনত এই কথা প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ভগীৰথ কৰণে। 
তেওঁ লগতে কয় যে যি চৰকাৰে চাহ শ্ৰমিকৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেনে চৰকাৰে বিনামূলীয়া চাউল বা বিনামূলীয়া আটা দি কি কৰিব। বিজেপি চৰকাৰে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিও তেওঁলোকে পালন নকৰিলে। ৰাজ্য চৰকাৰৰ ভুল সুৰা নীতি তথা চৰম দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ আবকাৰী বিভাগৰ ভুলৰ বাবেই বিষাক্ত চুলাই সেৱন কৰি প্ৰায় ১৮০ জন শ্ৰমিকৰ মৃত্যু হয়।

ইয়াৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়ী বুলিও ভগীৰথ কৰনে জানিবলৈ দিয়ে। চাহ জনগোষ্ঠীৰসকলো লোককে মাটি আৱন্টন দিয়াৰ লগতে চাহ বাগিচাসমূহত ১০০ খন হাইস্কুল স্থাপন কৰাৰ যি কথা বৰ্তমানৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল সেইয়া আজিও গঢ়ি নুঠিল।

ৰাজ্য চৰকাৰখনে কেঁচা চাহ পাতৰ দাম নিৰ্দিষ্ট কৰি নিৰ্ধাৰণ নকৰিলে যাৰ ফলত চাহ খেতিয়কসকলে লোকচান ভৰিব লগা হৈছে। সেইদৰে এই চাহ বাগিচাসমূহত নিয়োজিত শ্ৰমিকসকলৰ দৈনিক মজুৰি চৰকাৰে ২৪৪ টকা নিৰ্ধাৰণ কৰিছিল যদিও সেইয়া আজি পৰ্যন্ত কামে-কাজে হৈ নুঠিল আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়ী বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

Your Comments