বিজেপি দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থতে অসমত নতুন প্ৰাৰ্থীসকলক বাচনি কৰা হৈছে:ৰাম মাধৱ

ram

কংগ্ৰেছ পাকিস্তান নে হিন্দুস্তানৰ লগত আছে  ধৰিবই নোৱাৰি।দেশৰ সেনাৰ ওপৰতো সন্দেহ কৰে কংগ্ৰেছে।দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে এখন সংবাদমেলত এনেদৰে মন্তব্য প্ৰকাশ কৰে।লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ সকলো প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু আজি নগাঁৱৰ প্ৰাৰ্থীজনৰ নামো ঘোষণা কৰিব। লোকসভা নিৰ্বাচনত বিজেপিয়ে ১০ খন আসনত আৰু বাকী চাৰিখন আসনত বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপ আৰু বিপিএফে প্ৰতিদ্বন্দিতা কৰিব বুলিও  ৰাম মাধৱে মন্তব্য কৰে।  তেওঁ লগতে মন্তব্য কৰে যে ২০১৪ চনত সমগ্ৰ দেশতে নৰেন্দ্ৰ মোডীৰ যি ঢৌ আহিছিল, এইবাৰ তাতকৈও বেছি ডাঙৰ ঢৌ সমগ্ৰ ভাৰততে আহিব।  ৰাইজৰ সঁহাৰি দেখি ২৩ মে'ৰ আগতে আকৌ এবাৰ মোডী চৰকাৰ অহাটো নিশ্চিত হৈ পৰিছে। কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক দল, কিন্তু বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি ৰাম মাধৱে উল্লেখ কৰে। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয় যে নৰেন্দ্ৰ মোডীৰ সৈতে সন্মুখীন হ'বলৈ সমগ্ৰ দেশতে কোনো বিৰোধী দলৰ ক্ষমতা আৰু সাহস নাই। সেয়েহে বিৰোধী দলসমূহে যাৰ লগতেই মিত্ৰতা নকৰে কিয়, ইয়াৰ একো লাভ নহ'ব । আৰু সেই একেই দশা অসমত কংগ্ৰেছৰো হ'ব । আগন্তুক লোকসভা নিৰ্বাচনত ডঃ হিমন্ত বিশ্ব শৰ্মাক টিকট প্ৰদান নকৰাৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে  হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব বহুত। নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচাৰৰ দায়িত্বত থাকিব হিমন্ত বিশ্ব শৰ্মা। হয়তো অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক ইয়াতকৈ ভাল কিবা দিয়াৰ কথা ভাবিব পাৰে। দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত এইবাৰ নতুন  প্ৰাৰ্থীসকলক বাচনি কৰা হৈছে  বুলি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে মন্তব্য কৰে।সংবাদমেলখনত ৰাম মাধৱৰ লগতে বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা,সাংসদ বিজয়া চক্ৰৱৰ্তী,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওজা উপস্থিত থাকে।

Your Comments