হিন্দুস্তান নিৰ্মাণ দলৰ ৩ প্ৰাৰ্থীৰ নাম ঘোষণা

হিন্দুস্তান নিৰ্মাণ দলৰ ৩ প্ৰাৰ্থীৰ নাম ঘোষণা

লোকসভা নিৰ্বাচনৰ বাবে তিনিজন প্ৰাৰ্থীৰ নাম ঘোষণা হিন্দুস্তান নিৰ্মাণ দল, অসম প্ৰদেশৰ। লোকসভাৰ ১৪খন আসনতেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব হিন্দুস্তান নিৰ্মাণ দলে। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰে হিন্দুস্তান নিৰ্মাণ দল, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে। আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটীৰ পৰা ৰাজীৱ কাকতি, বৰপেটাৰ পৰা ভাস্কৰ কলিতা, ডিব্ৰুগড়ৰ পৰা অপূৰ্ব শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ নাম ২২ মার্চৰ পিছতে ঘোষণা কৰিব বুলি ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে জানিবলৈ দিয়ে।

হিন্দুস্তান নিৰ্মাণ দলৰ ৩ প্ৰাৰ্থীৰ নাম ঘোষণা

হিন্দুস্তান নিৰ্মাণ দল, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে কয় যে বিজেপিৰ স্থিতি বৰ্তমান যথেষ্ট দুৰ্বল। লগতে বিজেপি এটা ভ্ৰষ্টাচাৰী দল। বিজেপিৰ বহু কৰ্মীয়ে শীঘ্ৰেই হিন্দুস্তান নিৰ্মাণ দলত যোগদান কৰিব। বাংলাদেশীমুক্ত অসম, নিবনুৱা সমস্যা দূৰীকৰণ, বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা, কৃষকৰ আত্মহত্যা ৰোধ কৰাই হৈছে এই দলৰ মূল উদ্দেশ্য বুলিও ৰাজীৱ কাকতিয়ে মন্তব্য কৰে। আনহাতে, লোকসভা নিৰ্বাচনৰ কাৰণে তেওঁলোক ১০০ শতাংশ সাজু হোৱাৰ লগতে এই নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও ঘোষণা কৰে।

Your Comments