ফৰ্মলৈ হিমা দাস:ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছত ৪০০ মিটাৰত স্বৰ্ণ জয়

hima

ছাংগ্ৰুৰৰ ইণ্ডিয়া গ্ৰা-পীৰ বিফলতাৰ পিছত পুনৰ  ফৰ্মলৈ ওভতিছে 'ধিং এক্সপ্ৰেছ' হিমা দাস।পাতিয়ালাত অনুষ্ঠিত ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ প্রতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় হিমাই।৫২.৮৮ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰে হিমা দাসে।অৱশ্যে  কাটাৰৰ ডোহাত ২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া এছিয়ান  চেম্পিয়নশ্বিপৰ অৰ্হতাৰ বাবে প্ৰয়োজনীয় ৫২.৭৫ ছেকেণ্ডৰ সময়সীমা স্পৰ্শ কৰিব নোৱাৰিলে দৌৰবিদগৰাকীয়ে।

Your Comments