কংগ্ৰেছক নস্যাৎ কৰিবলৈ বিজেপি-অগপ এক হৈছে

কংগ্ৰেছক নস্যাৎ কৰিবলৈ বিজেপি-অগপ এক হৈছে

অগপ ৰাইজৰ ঔৰসত জন্মগ্ৰহণ কৰা দল। কংগ্ৰেছ দলক প্ৰতিহত কৰিবলৈহে হৈছে এই মিত্ৰতা। সোণোৱাল চৰকাৰৰ দিনত ৰাইজৰ মাজত আস্থা বাঢ়িছে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত আনুষ্ঠানিকভাৱে মিত্ৰতা হোৱাৰ পিছত দুয়োটা দলৰ মুখপাত্ৰসকলে শনিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ দাসে। তেওঁ লগতে কয় যে আজি এক আনন্দৰ দিন।

কংগ্ৰেছক নস্যাৎ কৰিবলৈ বিজেপি-অগপ এক হৈছে

কাৰণ কংগ্ৰেছক নস্যাৎ কৰিবলৈ বিজেপি আৰু অগপ এক হৈছে। পৃথিৱীত একমাত্ৰ অসম গণ পৰিষদেই চাগে' একমাত্ৰ দল, যি ৰাইজৰ ঔৰসত জন্ম পাইছে। লোকসভা নিৰ্বাচনত ১৪খন আসনৰ ১৪খনতেই বিজেপি আৰু অগপৰ জয় হ'ব। আনহাতে, অসম গণ পৰিষদৰ মুখপাত্ৰ মনোজ শইকীয়াই কয় যে আনুষ্ঠানিকভাৱে মিত্ৰতা হোৱাৰ পিছত আজি সকলোৱে মিলি এখন গুৰুত্বপূৰ্ণ যৌথসভা অনুষ্ঠিত হয়। বিজেপি-অগপই একেলগে কাম কৰাৰ বাবে আজি প্ৰথম পদক্ষেপ হিচাপে বিভিন্ন বিষয় আলোচনা কৰা হৈছে।

কংগ্ৰেছক নস্যাৎ কৰিবলৈ বিজেপি-অগপ এক হৈছে

এখন সুস্থিৰ আৰু শক্তিশালী চৰকাৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন কৰাৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি দুয়োটা দলে একত্ৰিতভাৱে কাম কৰাৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যৌথসভাখনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়া, অসম গণ পৰিষদৰ মুখ্য মুখপাত্ৰ মনোজ শইকীয়া, মুখপাত্ৰ নোমল মমিন, পবিত্ৰ মাৰ্ঘেৰিটা, লক্ষ্য কোঁৱৰ, মনোজ বৰুৱা, জয়ন্ত দাস, অপৰাজিতা ভূঞাৰ লগতে দুয়োটা দলৰ আন আন মুখপাত্ৰসকলো উপস্থিত থাকে।
 

Your Comments