স্পট ফিক্সিঙৰ অভিযোগত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ এছ শ্ৰীশান্তক বিচিচিআইয়ে প্ৰদান কৰা আজীৱন নিষেধাজ্ঞাৰ শাস্তি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।আজীৱন নিষেধাজ্ঞাৰ পৰা শ্ৰীশান্তক মুক্ত কৰি খেলুৱৈজনৰ বিৰুদ্ধে তিনিমাহৰ ভিতৰত নতুন শাস্তি নিৰূপণ কৰিবলৈ ন্যায়ালয়ে বিচিচিআইক নিৰ্দেশ দিছে।শ্ৰীশান্তক শুনানিৰ সুযোগ দিবলৈ বিচিচিআইক ন্যায়ালয়ে নিৰ্দেশ দিছে।খেলুৱৈজনৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ শাস্তি অধিক হৈছে বুলি ন্যায়ালয়ে মন্তব্য কৰিছে।
- Log in to post comments
- 104 views
