আছু নেতাসহ কেইবাজনৰো বিজেপিত যোগদান

আছু নেতাসহ কেইবাজনৰো বিজেপিত যোগদান

আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। আছুৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ যোগদান বিজেপিত।

আছু নেতাসহ কেইবাজনৰো বিজেপিত যোগদান

নলবাৰী জিলা আছুৰ প্ৰাক্তন নেতা ভাস্কৰ তালুকদাৰ,  ৰঙিয়াৰ বিকাশ লস্কাৰ, কোকৰাঝাৰ আছুৰ গৌতম দত্ত, আছুৰ সম্পাদক সাজন দেৱনাথ, অভিনেতা প্ৰাঞ্জল শইকীয়াৰ পুত্ৰ তন্ময় শইকীয়া, উমেশ চন্দ্ৰ দাস, খিলঞ্জীয়া ছাত্ৰকে ধৰি মুঠ ৫০জন লোকে আজি যোগদান কৰে বিজেপিত।

আছু নেতাসহ কেইবাজনৰো বিজেপিত যোগদান

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়াই নতুন সদস্যসকলক দলৰ মজিয়ালৈ আদৰণি জনায়।
 

Your Comments