৩-০ ব্যৱধানত টি-২০ শৃংখলা দখল ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ

গুৱাহাটীত তৃতীয় টি-২০তো পৰাজিত ভাৰতীয় মহিলা ক্ৰিকেট দল

আজি গুৱাহাটীত অনুষ্ঠিত ভাৰত-ইংলেণ্ড মহিলা টি-২০ ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা শেষৰখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে। ইয়াৰ লগে লগে ৩-০ ব্যৱধানত ইংলেণ্ড দলটোৱে শৃংখলা হস্তগত কৰে৷ উল্লেখযোগ্য যে প্ৰথমে বেটি ধৰি ইংলেণ্ডে নিৰ্ধাৰিত অ'ভাৰত ৬ উইকেটৰ বিনিময়ত ১১৯ ৰাণ কৰে।

গুৱাহাটীত তৃতীয় টি-২০তো পৰাজিত ভাৰতীয় মহিলা ক্ৰিকেট দল

১২০ ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা ভাৰতীয় দলটোৱে ২০ অ'ভাৰত ৬ উইকেটৰ বিনিময়ত ১১৮ ৰাণতে থমকি ৰয়৷  ৰোমাঞ্চকৰ মেচখনত ভাৰতীয় মহিলা দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ১ ৰাণত পৰাজয়বৰণ কৰে। ভাৰতীয় দলৰ অধিনায়ক স্মৃতি মান্ধানাই অৰ্ধশতক কৰে।

Your Comments