নগাঁও টেনিছ ক্লাবত শুকুৰবাৰে সন্ধ্যা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন টেনিছ খেলৰ আম্পায়াৰ ৰিতুৰাজ মহন্তক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলা উপায়ুক্ত তথা নগাঁও টেনিছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াই। উপায়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত কয়, আমি সকলোৱে নগাঁও টেনিছ ক্লাবক আগুৱাই নিব লাগিব আৰু এই টেনিছ ক্লাবৰ জৰিয়তে নতুন নতুন খেলুৱৈ সৃষ্টি কৰিব লাগিব। উক্ত অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি কয়, নগাঁও টেনিছ ক্লাবৰ উন্নতিৰ হকে তেওঁ সকলো দিশতে সহায়-সহযোগিতা আগবঢ়াই যাব।
তেওঁ ভাষণ প্ৰসংগত কয়, আমি এই ক্লাবৰ জৰিয়তে অতি কমেও এজন ভাল খেলুৱৈ গঢ় দিব লাগিব, যিয়ে আমাৰ দেশৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিই তুলিব পাৰে। এই অনুষ্ঠানতে প্ৰায় ১০০গৰাকীকৈ ব্যক্তিক টেনিছ ক্লাবৰ আজীৱন সদস্যৰ মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত মৰিগাঁও জিলা উপায়ুক্ত ৰিতুৰাজ বৰা, প্ৰাক্তন সাংসদ নাজনীন ফাৰুকী, নগাঁও টেনিছ ক্লাবৰ সদস্য ঘনশ্যাম হাজৰিকা, প্ৰদ্যুৎ কুমাৰ বৰা, ৰূপৰঞ্জন দাসৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
- Log in to post comments
- 87 views