পুলৱামাত ছহিদ হ'ল অসমৰ মনেশ্বৰ বসুমতাৰী

q

জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাত ছহিদ হ'ল অসমৰ এজন বীৰ জোৱান। ছহিদ চিআৰপিএফ জোৱানজন বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী। চিআৰপিএফৰ ৯৮নং বেটেলিয়নৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল মনেশ্বৰ বসুমতাৰী। বসুমতাৰীৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে৷ লোকে লোকাৰণ্য হৈ পৰিছে ছহিদ জোৱানজনৰ বাসগৃহ। ভিৰ কৰিছে আত্মীয়-স্বজনে।
 

Your Comments