লোকসভা নিৰ্বাচনত দিল্লীত মিত্ৰতা নহয় আপ-কংগ্ৰেছৰ

লোকসভা নিৰ্বাচনত দিল্লীত মিত্ৰতা নহয় আপ-কংগ্ৰেছৰ

লোকসভা নিৰ্বাচনত দিল্লীৰ আসনকেইখনত কংগ্ৰেছৰে আম আদমী পাৰ্টিৰ নিৰ্বাচনী মিত্ৰতা নহয়। দিল্লীত অকলেই লোকসভা নিৰ্বাচন খেলিব 'আপ'-এ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ আটাইকেইটা লোকসভা সমষ্টিতে আপৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিবলৈ দিল্লীবাসীক আহ্বান জনায়। নৰেন্দ্ৰ মোডীক পৰাভূত কৰাত এয়া সহায়ক হ'ব বুলি তেওঁ কয়। উল্লেখ্য যে শীলা দীক্ষিতক দিল্লী কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ পিছত দিল্লীত কংগ্ৰেছ-আপৰ নিৰ্বাচনী মিত্ৰতা হ'ব বুলি চৰ্চা তীব্ৰ হৈছিল।

Your Comments