"অগৰৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে অসমৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ পুত্ৰ । একাংশ বন বিষয়া আৰু আৰক্ষীক মেনেজ কৰি নিশা গোলাঘাটৰ নাহৰণিৰ পৰা নগাঁৱৰ মাজেৰে হোজাইলৈ সৰবৰাহ হয় অগৰ ভৰ্ত্তি ট্ৰাক।" এই অভিযোগ ঐক্য সেনা অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি আশীষ জাহান হকৰ।
আজি সংগঠনটোৱে নগাঁৱত আয়োজন কৰা এখন সংবাদ মেলত ৰাজ্যখনত চলি থকা অগৰৰ চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত এই বিস্ফোৰক তথ্য সদৰী কৰি সংগঠনটোৰ নেতাজনে লগতে আৰু কয়, "এই চোৰাং ব্যৱসায় উৎখাত কৰিবলৈ বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ ওচৰত আমি দাবী উত্থাপন কৰিছো ।"
সংবাদ মেলত সংগঠনটোৰ নেতাজনে কয় যে ঐক্য সেনা অসমৰ একাংশ সদস্যই এক গোপন খবৰৰ পম খেদি মঙলবাৰে নগাঁৱৰ জখলাবন্ধাৰ কুঠৰীত এএছ-০৯-এচি-৩৭৩০ নম্বৰৰ এখন অগৰ ভৰ্ত্তি দহ চকাৰ ট্ৰাক জব্দ কৰি জখলাবন্ধাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত চমজাই দিছিল ।
ইপিনে, প্ৰায় ৮ কোটিৰো অধিক মূল্যৰ এই অগৰ ভৰ্ত্তি ট্ৰাকখনৰ পৰা কেইবাটাও অগৰ ভৰ্ত্তি বেগ বন বিভাগৰ লোকে লুকুৱাবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । ইফালে, এই সংবাদ মেল যোগে ঐক্য সেনা অসমে ৰাজ্যত চলি থকা এই অগৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ সকিয়নী প্ৰদান কৰে ।
আনহাতে, কালি জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত বন বিভাগৰ কেলেংকাৰী ফাদিল হোৱাত খণ্ড বন বিষয়া কুলেন ভূঞাই ঐক্য সেনাৰ বিষয়ববীয়াৰ ওপৰত মিছা অভিযোগ তোলাৰ অভিযোগ তুলি এই ঘটনাৰ এক তদন্ত কৰিবলৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক এক অভিযোগ দাখিল কৰা বুলিও সংবাদ মেলত প্ৰকাশ কৰে। সংবাদ মেলত ঐক্য সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি শান্তনু বৰা, উপ-সভাপতি অমৃত কাশ্যপ, সাধাৰণ সম্পাদক সঞ্জীৱ বৰাকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে ।
- Log in to post comments
- 47 views