এবছৰ আগতেই উৎপাদন আৰম্ভ হোৱা অৰুণাচলৰ বিদ্যুৎ প্ৰকল্প উদ্‌ঘাটন মোডীৰ নিৰ্বাচনী চমক : দুৰ্গাদাস বড়ো

এবছৰ আগতেই উৎপাদন আৰম্ভ হোৱা অৰুণাচলৰ বিদ্যুৎ প্ৰকল্প উদ্বোধন মোডীৰ নিৰ্বাচনী চমক : দুৰ্গাদাস বড়ো

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক পূৰ্বৰে পৰা এতিয়ালৈকে বৃহৎ বৃহৎ ফাঁকি দি আহিছে। নৰেন্দ্ৰ মোডী 'ঝুমলাবাজি'ত বিখ্যাত। ছাত্ৰ সন্থাৰ ওপৰত শুকুৰবাৰে হিটলাৰী শাসন চলালে নৰেন্দ্ৰ মোডী চৰকাৰে। শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা দলৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে। সংবাদমেলখনত দুৰ্গাদাস বড়োৱে কয় যে আজি নৰেন্দ্ৰ মোডীয়ে অৰুণাচল প্ৰদেশত ১১০ মেগাৱাটৰ পাৰে প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰিবলৈ যোৱাটো এটা নিৰ্বাচনী ভাওনাৰ বাহিৰে একো নহয়।

কাৰণ এক বছৰ আগতেই পৰীক্ষামূলকভাৱে আৰম্ভ হোৱা এই প্ৰকল্পটোৰ ১০ মাহৰ পূৰ্বেই সম্পূৰ্ণ বাণিজ্যিক হিচাপে উৎপাদন আৰম্ভ হৈছিল আৰু এই প্ৰকল্পটোৱে ইতিমধ্যে ১৫০ কোটি টকা উপাৰ্জন কৰিছে। প্ৰধান মন্ত্ৰীগৰাকী ইমানেই নিজ প্ৰচাৰত অত্যুৎসাহী যে এমাহৰ পূৰ্বে জম্মু-কাশ্মীৰত আৰু আজি অৰুণাচলত উদ্ঘাটন কাৰ্যসূচীত কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীকো লগত ৰাখিব নিবিচাৰিলে বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য কৰে। 

আনহাতে, অসমৰ বগীবিল দলং নিৰ্মাণ কৰি উলিয়াবলৈ ২৫ বছৰ লাগিল। আৰু এই বগীবিল দলঙৰ কিছুসংখ্যক কাম তেওঁলোকে কৰি বগীবিল দলং তেওঁলোকৰ দিনত হোৱা বুলি বাঃ বাঃ ল'লে। কিন্তু নৰেন্দ্ৰ মোডী জানো ২৫ বছৰে প্ৰধান মন্ত্ৰী হৈ আছিল বুলি মোডীক কটাক্ষ কৰি প্ৰধান মন্ত্ৰীক ফাঁকিবাজ আখ্যা দিয়ে। নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল লোকে ক'লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছিল, তেওঁলোকে চাৰিসীমাৰ ভিতৰত জে'লৰ সদৃশ পৰিৱেশৰ মাজত থাকি প্ৰতিবাদ কৰিবলগীয়া হ'ল। এয়া এক হিটলাৰী শাসন বুলিও দুৰ্গাদাস বড়োৱে মন্তব্য কৰে। সংবাদমেলখনত মুখপাত্ৰ দুৰ্গাদাস বড়োকে প্ৰমুখ‍্য কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দাহাল আৰু অভিজিত মজুমদাৰ উপস্থিত আছিল।

Your Comments