বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত অগপৰ জোঁৰ সমদল

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত অগপৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ প্ৰত্যাহাৰৰ দাবীত আজি অসম গণ পৰিষদ দলে সন্ধিয়া বঙাইগাঁও চহৰত এক জোঁৰ সমদল উলিয়ায়৷ বঙাইগাঁও জিলা অগপৰ উদ্যোগত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা জোঁৰ সমদল চহৰখনৰ মাজেৰে মায়াপুৰী তিনিআলি, গান্ধী ময়দান তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে পৰিভ্ৰমণ কৰি পুনৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি মাৰে৷

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত অগপৰ জোঁৰ সমদল

জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা অগপ দলৰ নেতা-কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ নচলিব, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশী খেদ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান দি গোটেই পথছোৱা উত্তাল কৰি তোলে৷ জোঁৰ সমদল কাৰ্যসূচীত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, বঙাইগাঁও জিলা অগপৰ বিষয়ববীয়াসকলৰ লগতে তিনি শতাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

Your Comments