ভানুৰ কংগ্ৰেছত যোগদান তথা তেজপুৰ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান সম্পৰ্কত শোণিতপুৰ জিলা সমিতিৰ স্পষ্টীকৰণ

ভানুৰ কংগ্ৰেছত যোগদান তথা তেজপুৰ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান সম্পৰ্কত শোণিতপুৰ জিলা সমিতিৰ স্পষ্টীকৰণ

অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া এম জি ভি কে ভানুৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা আৰু যোগদানৰ পিছতেই তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰসংগৰে আজি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সংবাদ মাধ্যমলৈ প্ৰদান কৰা এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰামতে, এম জি ভি কে ভানুৱেই নহয় দলৰ শীৰ্ষ নেতৃবৰ্গই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত জিলা কংগ্ৰেছ কমিটীয়ে মানি ল’বলৈ বাধ্য৷

শীৰ্ষ নেতৃত্বৰ কোনো সিদ্ধান্তক শোণিতপুৰ জিলা কংগ্ৰেছে কেতিয়াও বিৰোধিতা নকৰে৷ সেয়েহে এম জি কে ভানুৰ প্ৰসংগত শোণিতপুৰ জিলা কংগ্ৰেছৰ একাংশই প্ৰকাশ কৰা বক্তব্য আনুষ্ঠানিক ভাষ্য নহয় বুলি জিলা কংগ্ৰেছৰ পৰা স্পষ্ট কৰি দিয়ে৷ প্ৰেছ বিবৃতিটোত উল্লেখ কৰামতে, তেজপুৰৰ ৰাজীৱ ভৱনত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল যদিও তাত এম জি ভি কে ভানুৰ কংগ্ৰেছত যোগদান বা প্ৰাৰ্থিত্বৰ বিৰোধিতা সন্দৰ্ভত কোনোধৰণৰ আলোচনা বা সিদ্ধান্ত হোৱা নাছিল৷ ইয়াৰ পিছতো কংগ্ৰেছৰ তিনিগৰাকী বিষয়ববীয়াৰ উপস্থিতিৰে সংবাদ মাধ্যমত যি বাতৰি প্ৰকাশ হ’ল সেয়া জিলা কংগ্ৰেছ কমিটীৰ ভাষ্য নহয় বুলি তেওঁলোকে স্পষ্টীকৰণ দিয়ে৷
 

Your Comments