২০২০ত বিটিচিত ইউ পি পি এলৰ চৰকাৰ নিশ্চিত : ইউ জি ব্ৰহ্ম

২০২০ত বিটিচিত ইউ পি পি এলৰ চৰকাৰ নিশ্চিত : ইউ জি ব্ৰহ্ম

"২০২০ চনত বিটিচিত ইউ পি পি দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ কিয়নো বড়ো ৰাইজ এতিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ স'তে নাই৷ আজি ১৫ বছৰ ধৰি বিটিচিত ধনবল, বাহুবলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে৷ তেওঁলোকৰ হাতত ধনবল আছে, কিন্তু আমাৰ দলৰ আছে জনবল৷ টকাৰে ভোট কিনাৰ দিন উকলিল৷ ইউ পি পি এল দলে এতিয়া জনবলেৰে আমি শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছোঁ৷" এই ভাষ্য ইউ পি পি এল দলৰ সভাপতি ইউ জি ব্ৰহ্মৰ৷

আজি দিনৰ ১১ বজাত তামুলপুৰ মহকুমা সদৰৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত তামুলপুৰ জিলা যুৱ ইউ পি পি এলৰ বিশেষ অভিৱৰ্তন আৰু কৰ্মশালাৰ অন্তত অনুষ্ঠিত মুকলি অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি এই বক্তব্য আগবঢ়ায়৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বিটিচিৰ ৰাইজে এতিয়া গম পাইছে বিপিএফ দলৰ অপশাসন আৰু দুৰ্নীতিৰ কথা৷ সেয়ে এতিয়া বিপিএফ দলৰ পৰা মানুহে পলায়ন কৰিবলৈ আৰম্ভ কৰিছে৷ বৰ্তমানৰ প্ৰেক্ষাপটত আমাৰ দল ক্ৰমাৎ শক্তিশালী হ'বলৈ ধৰিছে৷

২০২০ত বিটিচিত ইউ পি পি এলৰ চৰকাৰ নিশ্চিত : ইউ জি ব্ৰহ্ম

সেয়ে ২০২০ চনত বিটিচিত আমাৰ দলে চৰকাৰ গঠন কৰাটো খাটাং৷ আনকি নেতাগৰাকীয়ে ২০১৯ চনত অনুষ্ঠিত হ'বলগা লোকসভাৰ নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ উপৰি মঙলদৈ, তেজপুৰ সমষ্টিত ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সদৰী কৰাৰ লগতে গুৱাহাটী লোকসভা সমষ্টিতো নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাবলৈ দৃঢ় প্ৰতিজ্ঞ ইউ পি পি এল দল৷ নেতাগৰাকীয়ে সভাত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সদ্যহতে সংসদত উথ্থাপন কৰিব নালাগে বুলি কয়৷

তাৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জনজাতিৰ স্বীকৃতিপ্ৰাপ্ত দল-সংগঠনৰ স'তে মত বিনিময় কৰিহে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সমাধান কৰিব লাগে বুলি মতপোষণ কৰে৷ এই ক্ষেত্ৰত টিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দুমুখীয়া নীতি অৱলম্বন কৰাৰ কথা সদৰী কৰি পুনৰ কয় যে হাগ্ৰামাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কয় এটা, তেওঁলোকৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হাতত অৰ্পণ কৰে আন এখন প্ৰতিবেদন৷

২০২০ত বিটিচিত ইউ পি পি এলৰ চৰকাৰ নিশ্চিত : ইউ জি ব্ৰহ্ম

তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল বসুমতাৰীৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰি দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি ৰৗনগৗৰা নাৰ্জাৰীয়ে কয় যে বিটিচিত ৩২ লাখ জনসাধাৰণে বিপিএফ চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছে৷ এই পৰিৱৰ্তন বিচাৰি বিভিন্ন দল-সংগঠনৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে৷ সেয়েহে আমাৰ দলৰ জয় নিশ্চিত৷ তেওঁ পুনৰ কয় যে বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰখনে জনসাধাৰণৰ মাজত সূতা-কম্বলৰ ৰাজনীতি কৰি আহিছে৷

আনকি হাগ্ৰামা মহিলাৰীৰ চৰকাৰখনে বিটিচিৰ দুখীয়া জনধাৰণৰ মাজত ৫০টকীয়া কম্বল বিতৰণ কৰাৰ বিপৰীতে দলটোৰ নেতা-কৰ্মীয়ে ২ হেজাৰটকীয়া কম্বল ব্যৱহাৰ কৰে বুলিও কটাক্ষ কৰে ভাষণত৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বিটিচিক অসম চৰকাৰে বিগত বছৰসমূহত পৰিকল্পনা শিতানৰ ধন এতিয়াও প্ৰায় ১৮,০০০ কোটি টকা দিব আছে৷ ইয়াৰ বিপৰীতে মাত্ৰ 
৩.৫ কোটি টকাহে পাবলৈ সক্ষম হৈছে৷ সেয়ে বিটিচি চৰকাৰখনে এতিয়াও ঠিকাদাৰসকলক পাবলগা ধন আজিও দিব পৰা নাই৷

২০২০ত বিটিচিত ইউ পি পি এলৰ চৰকাৰ নিশ্চিত : ইউ জি ব্ৰহ্ম

বৰ্তমান হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন বাকীতহে চলি আছে বুলি কয়৷ ইউ পি পি এল দলৰ যুৱ মঞ্চৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে উদ্বোধন কৰা মুকলি সভাখনত ইউ পি পি এলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰী, যুৱ মঞ্চৰ উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, যুৱ মঞ্চৰ সাঃ সম্পাদক মনোজ গয়াৰী, এন ডি এফ বি (প্ৰ) বৰবৰী ডেজিকনেটেড কেম্পৰ চি অ' ডব্লিউ নাইছাম, চি ডব্লিউ চিৰ সদস্য ক্ৰমে যোগেন বসুমতাৰী, সুজিত বসুমতাৰী, সুশীল দাস, সংখ্যালঘু কোষৰ সভাপতি মঃ নুৰ হাছান, মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়ো প্ৰমুখ্যে দলটোৰ বহু নেতাসকলে অংশগ্ৰহণ কৰে৷

আজিৰ এই মুকলি সভাত কুমাৰীকাটা, তামুলপুৰ, নাগ্ৰীজুলি, গোৰেশ্বৰৰ পৰা প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ আজিৰ এই অভিৱৰ্তনতে ৰোমিত স্বৰ্গীয়াৰীক সভাপতি নাগেশ্বৰ ৰাভাক সম্পাদক হিচাপে লৈ
 তামুলপুৰ জিলা ইউ পি পি এল দলৰ যুৱ শাখাৰ নতুন সমিতি এখন গঠন কৰা হয়৷

Your Comments